অনুৰাগৰ এপলক
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
“ হেল্ল’ প্ৰমি…!”
“ অ ৰিমলি, চ’ৰি দেই …..ম…..ই…!”
“ হ’ব দে , তোক বৰ বেয়া পাইছোঁ মই ৷ কালি তোক ল’গ কৰিবলৈ গৈ শিৱ মন্দিৰৰ পাৰ্কখনত দুঘণ্টা ধৰি অপেক্ষা কৰিলোঁ ৷ তই নাহিলি যে ? তোৰ মোবাইলটোও অফ ৷ উপায়ন্তৰ হৈ ঘৰলৈ গুচি আহিলোঁ।”
“ মই বুজিব পাৰিছোঁ ৰিমলি , তই মোক বেয়া পাইছ’ ! কিন্তু ……?”
“ মোৰ এটা সমস্যা হ’ল অ ৷ সেইকাৰণে মই তোক লগ কৰিবলৈ যাব নোৱাৰিলোঁ ৷”
“ তই সমস্যাটো জনাই মোক ফোন এটা কৰিব পাৰিলি হয় ! কিয় নকৰিলি ক’চোন ! কিমান বছৰৰ পিছত তোৰ লগত যোগাযোগ হৈছে ফোনত ! তোক ওচৰৰ পৰা লগ পাবলৈ মোৰ বৰকৈ মন গৈছে জান’ !”
“ মোৰো ৰিমলি , যোৱা ১০ বছৰে তোৰ লগত মোৰ যোগাযোগ নাছিল ৷ ফেচবুকত চাৰ্জ কৰিয়েই তোক উদ্ভাৱন কৰিলোঁ দিয়েৰ ৷”
“ হয় দেই প্ৰমি , বহুত ক্ষেত্ৰত কিন্তু ফেচবুকে সহায় কৰিছে নহয়নে ? হেৰাই যোৱা পুৰণা বন্ধু-বান্ধৱী ফেচবুকতে পোৱা যায় , যেনেকৈ তোক পাই গ’লোঁ।”
“ অ ৰিমলি , হয় অ , বহুত কথা আছে তোৰ লগত জাননে? ”
“ মোৰো ৰিমলি , অ শুনচোন সেই যে হোষ্টেলৰ অনুশ্ৰী? তাইৰ কিবা খবৰ পাৱ নেকি?”
“ নাই অ ৷ মোৰ দৰে সাধাৰণ চিম্পুল মেজাজৰ ছোৱালীৰ বান্ধৱী নাছিলেই ন ! কিন্তু তই মোক প্ৰতিটো মুহূৰ্ততে সহায় কৰিছিলি ! ক্লাছ, বজাৰ, সকলোতে তই মোক সহায় কৰিছিলি , সকলোবোৰ মোৰ মনত আছে ৷ এই সকলোবোৰৰ বাবে তোক এতিয়াও অন্তৰৰ পৰা ধন্যবাদ জনাওঁ জাননে !”
“ অই প্ৰমি , তোৰ মনত আছেনে নিমিক ! তাই যে একেবাৰে বিন্দাছ মেজাজৰ আছিল দেই ৷”
“ উম হয় দে , তাই যে এবাৰ দুজন বয়ফ্ৰেণ্ডৰ লগত ডেটিং দিছিল ৷ হোষ্টেললৈ আহি যে দিনটোৰ খতিয়ানখন মেলিছিল আৰু ডাঙৰ-ডাঙৰকৈ হাঁহিছিল ৷ বৰ বিন্দাছ ষ্টাইলৰ ছোৱালী আছিল দেই তাই ৷”
“ ইউনিভাৰচিটিৰ ষ্টুডেণ্ট , একদম বিন্দাছ ৷ পিছে আমিবোৰহে বিন্দাছ হ’ব নোৱাৰিলোঁ দেই হা হা হা৷”
“ পিছে আচল কথাটো কি জাননে ? তাই শেষত এৰেঞ্জ মেৰেজহে কৰিলে ৷ঘৰৰ পছন্দৰ ল’ৰাৰ লগত বিয়া হৈ এতিয়া বৰ সুখী জীৱন কটাইছে ৷”
“ অ হয় নেকি ? তাইৰ মানে জীৱনটোৱেই বিন্দাছ ৷”
“ বাৰু প্ৰমি , আমাৰ গ্ৰুপৰ তন্ময় ! সি তোৰ পিছে পিছে কমখন ঘূৰিছিলনে ? তই যে তাক পাট্টাই নিদিলি হা হা হা ৷”
“ হব দে ৰিমলি , ইমানপৰে ফোনতে দুয়োজনী একেবাৰে অতীত ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিলোঁ দেই। লগ পালে যে কিমান ভাল লাগিব নহয় !“
“ হব দে একো কব নালাগে তই ৷ লগ পাম বুলি আশা কৰি থাকিলোঁ , পিছে তইহে নাহিলি ৷ কিয় নাহিলি , সেই আচল কথাটো তই কোৱা নাই দেখোন এতিয়ালৈ ৷“
“ আচলতে কি জান’ ৷ মই অফিচৰ পৰা সোনকালে ওলালোঁ তোক লগ কৰিবলৈ বুলি ৷কিমান হেঁপাহত তোক লগ পাম বুলি ওলাই গৈছিলোঁ , পিছে মনৰ আশা মনতেই ৰ’ল বুজিছ’ ৷ , বোলে কথাতে কয় নহয় — ’ ভবা কথা নহয় সিদ্ধি , বাটত আছে কণা বিধি ৷”
“ কি যে নহয় প্ৰমি , আচল কথাটো ক’ না ৷”
“ আচলতে লগ কৰিবলৈ আহি থাকোঁতে বাটতে মোৰ স্কুটিৰ এক্সিডেণ্ট হ’ল। মানে বাওঁফালৰপৰা ঘপহকৈ ই-ৰিক্সা এখন আহি মোক স্কুটিত খুন্দা মাৰি দিলে ৷ মই মেইন ৰাষ্টাতে উফৰি পৰিলোঁ ৷মোৰ ভৰিৰ ওপৰত স্কুটিখন পৰিল। তাৰ পিছতে যেতিয়া মোৰ জ্ঞান আহিছে তেতিয়া মই নিজকে হস্পিতালৰ বিচনাত পালোঁ। ”
“ হে হৰি , কি কৈছ’ তই এইবোৰ ? তই বেছি দুখ পালি নেকি ?”
“ বেছি দুখ পোৱা নাই দে , সোঁ ভৰিখন ফ্ৰেকচাৰ হৈছে ৷এমাহৰ পিছত আকৌ আগৰ দৰে হৈ যাম দে ৷”
“ মই তোক দেখা কৰিবলৈ গৈ আছোঁ দে ৷”
“আহ আহ— সোনকালে আহ — মই হেঁপাহেৰে ৰৈ আছোঁ ইমান বছৰৰ পিছত আমাৰ দেখাদেখি এনেদৰেই হোৱাটো নেদেখাজনে ঠিক কৰি থৈছিল হা হা৷”
“ আৰে প্ৰমি তোৰ প’জিটিভ চিন্তাধাৰাটো এতিয়াও সজীৱ হৈ আছে ৷এতিয়া ফোন ৰাখোঁ দে ৷ সোনকালে তোক লগ পাম দেই বাই দিয়েৰ ৷”
“ অ’কে বাই ৷”