অনুৰণন – আয়নাল হক

অনুৰণন
আয়নাল হক ,ধুবুৰী
বুকুত এজাক ৰ’দ সামৰি
আন্ধাৰত আছোঁ মই–!
নুতুলিবি কৰুণ সুৰ
মনৰ গহন বনত ।
কপৌজনীৰ ৰুণত
দুপৰীয়াটো গহীন হ’ল!
কোনে জানে
কাৰ পদূলিত কেতিয়া
পলাশে সপোন সিঁচে ।
সন্ধিয়া নামিল–
আন্ধাৰবোৰ ছটিয়াবলৈ!
এইয়াই সময়–
গোপনে নিজক বিচাৰিবলৈ…।