অনুভৱ – ৰুমী কলিতা দত্ত

অনুভৱ
 
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
সূৰুযৰ হেঙুলীয়া  আঁচলখনিত
বিচাৰি ফুৰিছোঁ
অনুভৱৰ আছুতীয়া ৰংবোৰ
ৰ’দ-বৰষুণে জুৰুলা কৰিলেও
সদায় সেউজীয়াকে বিচাৰি পাওঁ
কুঁৱলী ভৰা আকাশৰ বুকুত
নীৰব হৈ বিচাৰোঁ সময়ৰ প্ৰত্যুত্তৰ
মোৰ সৃষ্টিৰ উৰণীয়া পথাৰত
নিতে গজি উঠে আশাৰ কঠীয়া।