অনুজ শৰ্মালৈ শংকৰ আজান সমন্বয় সন্মান ২০২২

অনুজ শৰ্মালৈ শংকৰ আজান সমন্বয় সন্মান ২০২২

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আগশাৰীৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক সংস্থা “লাইফ স্মাৰ্টে ৮ জানুৱাৰী তাৰিখে গুৱাহাটীৰ লোক নিৰ্মান বিভাগৰ প্ৰেক্ষাগৃহ দিশপুৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজৰ বিভিন্ন গৰাকী বিশিষ্ট ব্যক্তিক শংকৰ আজান সমন্বয় বঁটাৰে সন্মানিত কৰে। সংবাদক্ষেত্ৰখনত আগবঢ়োৱা অবদানৰ বাবে লাইফ স্মাৰ্টে ২০২২ চনৰ “যুৱ সাংবাদিক’ৰ” সন্মান আগবঢ়াই অনুজ কুমাৰ শৰ্মাক। বঁটা লাভ কৰি অনুজ কুমাৰ শৰ্মা যথেষ্ট আৱেগিক হৈ পৰে আৰু সাংবাদিকৰ আগত শৰ্মাই কয় “মই এই বঁটাৰ বাবে যোগ্য নহয় তথাপিওঁ লাইফ স্মাৰ্টে মোক যোগ্য বুলি ভাবি যি মৰম দিলে তাৰবাবে লাইফ স্মাৰ্টৰ পৰিচালন সম্পাদক নেকিবুজ জামানকে আদি কৰি সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাও।” অনুজ শৰ্মাৰ এই সাফল্যত বিভিন্ন দল সংগঠন তথা বিশিষ্ট ব্যক্তি সকলে শুভেচ্ছা জনাই।