অনিমেষ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ
ৰঙিলী বাৰ্ত্তাসেৱা- ২৯ নৱেম্বৰ ২০২১। এটা অভিশপ্ত দিন। কিয়নো এই দিনটোতে যোৰহাটত মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই। আজি ২৯ নৱেম্বৰ ২০২২ তাৰিখে অনিমেষৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ হ’ল। এতিয়া প্ৰশ্ন হয়, এই এটা বছৰে অনিমেষ হত্যাৰ দোষীসকলে উচিত শাস্তি পালেনে? অনিমেষৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত ৰজাঘৰে দিয়া প্ৰতিশ্ৰুতি, আশ্বাসবোৰ বাস্তৱায়িত হলনে? আজিৰ দিনত কোনেও এনেধৰণৰ প্ৰশ্ন বিলাকৰ ইতিবাচক উত্তৰ পাবলৈ সক্ষম হোৱা নাই। ২০২১ বৰ্ষৰ আজিৰ দিনটোত যোৰহাট নগৰৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ নৃশংসতাত অনিমেষ ভূঞাই কৰুণ মৃত্যুক সাবটি লোৱাৰ পিছত অনিমেষৰ ঘৰলৈ মানুহৰ সোত বৈছিল। আহিছিল মন্ত্ৰী–বিধায়ক,শিল্লী-সাহিত্যিক তথা দল–সংগঠনৰ বিষয়ববীয়া। সকলোৱে পৰিয়ালটোক বহুত আশ্বাস প্ৰতিশ্ৰুতি দি গ’ল, কিন্তু দুখৰ বিষয় আজি এটা বছৰে বিশেষ একো নহ’ল। প্ৰতিশ্ৰুতি আশ্বাস সকলো অসাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে ক’বলৈ গ’লে একোৱেই নহ’ল। আজিও অনিমেষৰ মাতৃৰ বুকুত জলা জুইকুৰা জ্বলিয়েই আছে। নীৰৱে পুত্ৰ শোকত চকুলো টুকিছে মাতৃয়ে। অনিমেষৰ মাতৃয়ে কয়, ‘তেতিয়া কোৱা ধৰণে একোৱেই নহল’। অনিমেষৰ ভাতৃৰ সংস্থাপনৰ বিষয় তল পৰিল। পৰিয়ালটো কেনেদৰে চলিছে তাক চাবলৈ কাৰোৰে আহৰি নাই। অনিমেষৰ ভাতৃৰ মতে, আজিৰ দিনত এখন চেকেৰে মৃত্যু কিনি লোৱা নিচিনা অৱস্থা হৈছে।