অনলাইন শিক্ষাৰ লাভ আৰু লোকচান – নাচিমা য়াচমিন

অনলাইন শিক্ষাৰ লাভ আৰু লোকচান
 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
মোবাইল ফোন হ’ল দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ। দূৰ সংযোগৰ বাবে ব্যৱহৃত এক যান্ত্ৰিক সঁজুলি।  ইয়াৰ অবিহনে আজি মানৱ জীৱন প্ৰায় অচলৰ দৰে, কল্পনাতীত।
কৰুনা মহামাৰীৰ পিছৰে পৰা শিক্ষাৰ্থী সকলৰ মাজত মোবাইল ফোনৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে।অনলাইন শিক্ষাৰ পাতনিৰ যোগেদি ঘৰত বহিয়েই শিক্ষা লাভ কৰাৰ দৰে এক সুন্দৰ পদক্ষেপ চৰকাৰে হাতত লৈছিল যদিও আজিও ইয়াৰ প্ৰভাৱ হ্ৰাস পোৱাৰ নাম লোৱা নাই। এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ সমাজ বহু প্ৰকাৰে লাভৱান হৈছে যদিওঁ তেওঁলোকৰ মাজত পিছলৈ এলাহ ভাৱ এটাই গা কৰি উঠিছে। সকলো বোৰ সহজলভ্য হোৱাৰ বাবে  ইয়াৰ আচল মহত্ব,গুৰুত্ব খিনি পাহৰি গৈছে।
অনুশীলনীৰ লগতে পাঠভিত্তিক প্ৰশ্নৰ উত্তৰসমূহ পাঠটি ভালদৰে পঢ়ি বুজি লৈ বিচাৰি উলিওৱা টো তেঁওলোকৰ বাবে টান হৈ পৰিছে। তাৰ নিমিত্তে ফোনত ইউটিউব বা গুগল এপটি উলিয়াই লৈ বিনা পৰিশ্ৰমত সকলো সহজেই লাভ কৰে।
এইয়াই আমাক সময় নষ্ট হোৱাৰ পৰা নিশ্চয় বিৰত ৰাখিছে,কিন্তু ই আমাক চমু পথ অনুসৰণ কৰাত আসক্ত কৰি তোলা নাই জানো,,?  যিকোনো প্ৰকাৰৰ কাৰ্য কলাপৰ সমাধান বিচাৰি আমি ফোনৰ ওচৰ চাপি যাওঁ। কষ্টৰে বিচাৰি লোৱাৰ বাবে ধৰ্য্য বা ইচ্ছা শক্তি ক্ৰমশঃ লোপ পাইছে।
অনলাইন শিক্ষাই আমাক বহুতো প্ৰকাৰে সহায় কৰিছে। লাভ হৈছে আমাৰ দৈনন্দিন জীৱন পথত।
কষ্ট নকৰাকৈয়ে ৰূমৰ ভিতৰত বহিয়েই মোবাইল বা  কম্পিউটাৰৰ জৰিয়তে আমি অনলাইন যোগে শিক্ষা গ্ৰহণ কৰিব পাৰোঁ।  মেডিকেল, ইঞ্জিনিয়াৰৰ দৰে উচ্চ শিক্ষাৰ কচিং বোৰে অনলাইন শিক্ষা প্ৰদান কৰি কম খৰছত দেশৰ ভৱিষ্যতৰ বীজ ৰোপণ কৰে। প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰে আমাৰ মাজত অনলাইন শিক্ষাৰ ধাউতি আৰু আগ্ৰহ ক্ৰমান্নয়ে বৃদ্ধি কৰিছে। সমাজ কল্যাণৰ বাবে ই এক সুন্দৰ পদক্ষেপ।
আনহাতে অনলাইন শিক্ষাৰ প্ৰয়োগে ছাত্ৰ – ছাত্ৰীৰ মাজত কিতাপৰ চাহিদা দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে। কিতাপৰ শাৰী শাৰীকৈ থকা বাক্য সমূহ পঢ়াৰ পৰিৱৰ্তে তেঁওলোকে অনলাইন ক্লাছৰ ৰঙীণ স্ক্ৰীন খন বাচি লয়।  ইয়াৰ পৰা তেওঁলোকৰ চকু দুটাত প্ৰভাৱ পৰে।  কম বয়সতে চচমাৰ সহায় ল’ব লগা হৈ পৰে। তেঁওলোকে কষ্ট, সাধনা, চেষ্টা, আদিৰ পৰা আঁতৰি থাকে, ফালৰি কাটে।
গতিকে সহজৰ পিছে পিছে দৌৰি নুফুৰি জটিলতাৰ লগত যোগ দি জয়ী হোৱাৰ দৰে সাহস আৰু বুদ্ধিমত্তাৰ প্ৰয়োজন। স্বাস্থ্য ভালে থকাৰ লগতে জ্ঞানৰ পৰিসৰ বৃদ্ধিও হ’ব।  অনলাইন শিক্ষাৰ লগতে কিতাপ পঢ়াৰ প্ৰতিও আকৰ্ষণ বৃদ্ধি কৰিব লাগিব।