অধ্যক্ষ ড০ শশীকান্ত শইকীয়াৰ জন্ম দিনত গ্রন্থ উন্মোচন ড° নগেন শইকীয়াই
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাহিত্যিক, স্তম্ভ লেখক ড০ শশীকান্ত শইকীয়াৰ জীৱন বিষয়ক গ্রন্থ ‘জীৱন বাঁহীৰ সুৰ (ষষ্ঠ খণ্ড)’ আৰু ‘কৃত্রিম বুদ্ধিমত্তা মানর সমাজৰ ভৱিষ্যত’ শীর্ষক দুখনকৈ গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্রাক্তন -সভাপতি, মিতভাষ স্ৰষ্টা ড০ নগেন শইকীয়াই। সাহিত্যিকগৰাকীৰ বাসগৃহত। গ্ৰন্থ উন্মোচন কৰি ড° শইকীয়াই অধ্যক্ষ শইকীয়াক ১০০ বছৰ জীয়াই থাকিবলৈ আৰ্শীবাদ জনায়। সভাখনত মুখ্য উন্মোচক ‘অসম আদিত্য’ কাকতৰ সম্পাদক মনজিৎ বৰা, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁই, কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা চুলতানা হাজৰিকা, ড০ ভাৰতী দত্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অধ্যক্ষ ড০ শইকীয়াৰ ইতিমধ্যে ৩৮ খনৰো অধিক গ্রন্থ প্রকাশ পাইছে। ড° শইকীয়াই বিভিন্ন কাকত, আলোচনী, পত্ৰিকাৰ লগতে অসমৰ অন্যতম শক্তিশালী আৰু পুৰণি বাতৰি কাকত ‘অগ্রদূত’ কাকতত ‘স্বৰব্যঞ্জন’ আৰু ‘অসম আদিত্য’ কাকতত ‘জীৱন বাঁহীৰ সুৰ’ শীর্ষক স্তম্ভ নিয়মীয়াকৈ লিখি আহিছে। উল্লেখ্য যে প্রতি বছৰৰ ৩১ জুলাইত অধ্যক্ষ ড০ শইকীয়াই গ্রন্থ প্রকাশ কৰি গ্ৰন্থপ্রেমী ৰাইজলৈ গ্ৰন্থৰ উপহাৰ দি আহিছে।