অদৃশ্য প্ৰেমিক
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
কোন তুমি, নাজানো তোমাৰ ঠিকনা
থাকা হৃদয়ৰ মাজত;
তোমাৰ কথা ভাবিলে অজানিতে
ফুটি উঠে একাজলি হাঁহি ওঁঠত।
ছা টোৰ দৰে পিছ নেৰা
সদায় থাকা কাষত;
ধৰা নিদিয়াকৈ আঁতৰি ফুৰা
লুকা – ভাকু খেলা মনত।
দূৰণিৰ পৰা কিৰিলি পাৰি
ৰঙ চাই থাকা মোৰ;
ছল, বল, কৌশলেৰে
হৃদয় কৰিলা চোৰ।
দেখা দিয়া হে অদৃশ্য প্ৰেমিক
মনক শান্ত কৰা,
নিদিয়া যদি দেখা
তেন্তে মোৰ পিছ এৰা।