অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ সংখ্যক জয়ন্তীত মহানগৰীৰ আদাবাৰীৰ অটল উদ্যানত মহান নেতাগৰাকীৰ এটি প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। আনহাতে অটল উদ্যানত আয়োজন কৰা সভা এখনতো মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয়- “তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰক সমৃদ্ধ কৰাৰ লগতে প্ৰগতিৰ নতুন বাট ৰচনা কৰিছিল এইগৰাকী জনদৰদী নেতাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক উত্তৰণৰ দিশত অপৰিসীম অৱদান যোগাই গৈছে। তেওঁ আছিল এগৰাকী শান্তিৰ দূত। ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে যুঁজ দিবলৈ তেওঁ কেতিয়াও পিছুৱাই অহা নাছিল। তেওঁৰ নীতি আৰু আদৰ্শই অসমক বিকাশৰ দিশত আগুৱাই যোৱাৰ বাবে সদায়ে প্ৰেৰণা যোগাব৷”