অজুহাত
আয়নাল হক, ধুবুৰী
কাষৰ পৰা আঁতৰি যাবলৈ
তুমি নিবিচাৰিলেও হ’ব অজুহাত
সম্পৰ্কতো এনেকুৱা নহয়
জোৰকৈ ধৰি ৰাখিবলৈ…!
এককক্ষীয়ভাৱে জানো
সম্পৰ্কই গা কৰি উঠে ?
হয়তো উঠা নাছিল তেনেদৰে…!
ঘূণে ধৰিলে যদি সেই সম্পৰ্কত
আঁতৰি যাব পাৰা তোমাৰ ইচ্ছামতে।
কিন্তু বুজিকে নাপাওঁ
কিয় বাৰে বাৰে বিচাৰি আছা অজুহাত ?
মুকলিকৈ ক’বলৈ আছে জানো সাহস ?
উম,
তুমি দেখিছা চাগে নতুন সপোন
হ’ব দিয়া
অহাৰ দৰে উভতি যোৱা
পুনৰ উলটি আহিবলৈ
অজুহাত কিন্তু ৰাখি থৈ নাযাবা…।