অগ্নিদগ্ধ হৈ  নাট্যকৰ্মী নাটপৰিচালক জয়ন্ত দত্ত ডিব্ৰুগড়ত চিকিৎসাধীন

অগ্নিদগ্ধ হৈ  নাট্যকৰ্মী নাটপৰিচালক জয়ন্ত দত্ত ডিব্ৰুগড়ত চিকিৎসাধীন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ওৰেটো জীৱনটো নাটকৰ স’তে কটোৱা, ঘৰ-সংসাৰ-পৰিয়াল সকলোৰে উৰ্দ্ধত নাটকক জীৱন্ত কৰি তুলি ধৰি আজীৱন নাট্য চৰ্চা কৰা নাট্য শিল্প জয়ন্ত দত্ত অগ্নিদগ্ধ হৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্লাষ্টিক চাৰ্জাৰী বিভাগত চিকিৎসাধীন হৈ আছে। যোৱা প্ৰায় পাঁচ মাহৰ আগতে নিজৰ ঘৰতে হোৱা এক দুৰ্ঘটনাত তেখেত অগ্নিদগ্ধ হৈছিল। পিন্ধি থকা কাপোৰত পিছফালৰ পৰা জুই লাগি যোৱাত পিঠিৰফালতো হাতলৈকৈ জ্বলি গৈছিল। বৰ্তমান জ্বলা অংশ শুকাই যোৱাত তেখেতৰ স্বাভাৱিক জীৱন যাত্ৰাত অসুবিধা হৈছে আৰু যোৱা ১১ ফেব্ৰুৱাৰীত অস্ত্ৰোপচাৰ হৈ যায়।   উল্লেখযোগ্য যে যোৱা প্ৰায় তিনি-চাৰিটা দশক তেখেতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত শিশুসকলৰ মাজত নাটকৰ শিক্ষা বিলাই আহিছে। বিভিন্ন অঞ্চলত নাট্য চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক নাটক তেখেতৰ পৰিচালনাত মঞ্চস্থ হৈছে। আমাৰ “বুৰুজ (সমাজ জীৱনৰ)” বহুকেইখন নাটক তেখেতৰ পৰিচালনাত মঞ্চস্থ কৰা হৈছে।