অগপৰ বৰ্দ্ধিত কাযনির্বাহক সভা সম্পন্ন

অগপৰ বৰ্দ্ধিত কাযনির্বাহক সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম গণ পৰিষদৰ বৰ্দ্ধিত কাযনির্বাহক সভাখন আজি অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়৷ অগপৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ নৱ নিৰ্বাচিত বিধায়িকা দিপ্তীময়ী চৌধুৰীক সম্বৰ্ধনা জনোৱা হয়৷আজিৰ সভাত চলিত বৰ্ষৰ ১০ ডিচেম্বৰত শ্বহীদ দিৱস কেন্দ্রীয়ভাৱে জাতীয় শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মস্থান ভৱানীপুৰত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।আজিৰ সভাই আগন্তুক পঞ্চায়ত নির্বাচন, স্বায়ত্ব শাসিত পৰিষদসমূহৰ নিৰ্বাচন সম্পর্কত বিস্তৃতভাৱে আলোচনা কৰে আৰু উক্ত নির্বাচনসমূহ পৰিচালনাৰ বাবে একোখনকৈ নিৰ্বাচনী পরিচালনা সমিতি অচিৰেই গঠন কৰিবলৈ মাননীয় সভাপতিক কতৃত্ব অর্পন কৰে। উল্লেখ্য, উক্ত পৰিচালনা সমিতিসমূহে আগন্তুক নিৰ্বাচনৰ বাবে ক্ষীপ্ৰতাৰে প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।তদুপৰি আজিৰ সভাত সভ্যভৰ্তিৰ অভিযান তীব্ৰতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷দলৰ বিধান সভা সমষ্টি ভিত্তিত অনুষ্ঠিত হৈ থকা ৰাজনৈতিক কর্মশালাসমূহ ১০ দিনৰ ভিতৰত সমাপ্ত কৰিবলৈ সভাই সিদ্ধান্ত লয়৷আনহাতে, ৰাজ্য চৰকাৰক ন্যায়াধীশ বিপ্লৱ শৰ্মাই দিয়া পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰৰ অধিনষ্ঠ বিষয়সমূহ কাৰ্যকৰী কৰাৰ বাবে তৎকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰোপৰি বিপ্লৱ শৰ্মাৰ পৰামৰ্শৱলীসমূহ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আজিৰ সভাই আহ্বান জনায়। আজিৰ সভাত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত থাকে৷ তদুপৰি সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ড° কমলা কান্ত কলিতা, প্ৰবীণ হাজৰিকা, সত্যব্ৰত কলিতা, বিমল সিনহা, আক্ৰাম হুচেইন, সুনীল ডেকা, ড° তপন দাস, সুনীল ৰাজকোঁৱৰ, তোলন কোঁৱৰ, মণিমাধৱ মহন্ত, ধৰ্মেশ্বৰ ৰয়ৰ তথা উপ সভাপতি ড° জয়নাথ শৰ্মা, অপূৰ্ব ভট্টাচাৰ্য, জ্যোতিশ দাস আৰু সিদ্ধেশ্বৰ হাজৰিকাৰ লগতে ভাতৃ-ভগ্নী সংগঠন আৰু জিলা সমিতিৰ সভাপতি-সম্পাদকসকল আজিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে৷