অক্ষয়পাত্ৰ ফাউণ্ডেছন, গুৱাহাটী

অক্ষয়পাত্ৰ ফাউণ্ডেছন, গুৱাহাটী
বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষামূলক পৰিদৰ্শন

ইন্দ্ৰ কান্ত বৈশ্য,বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অক্ষয়পাত্ৰ ফাউণ্ডেছন হৈছে ভাৰতৰ লাখ লাখ অভাৱগ্ৰস্ত শিশুক খুৱাই থকা এখন জি অ। চৰকাৰী বিদ্যালয়ত পি এম পোষণ অভিযান ৰূপায়ণ কৰি ভাৰতৰ অতি জটিল সমস্যা দুটা ক্ষুধা আৰু পুষ্টিহীনতা নিৰ্মূল এই অনুষ্ঠান প্ৰতিশ্ৰুতিবদ্ব। অক্ষয় পাত্ৰ ফাউণ্ডেছন গুৱাহাটী য়ে ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত ৫১ নং জালুকবাৰী সমষ্টিত ড: হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আৰম্ভ কৰিছিল। বৰ্তমানে ৫০ হাজাৰ শিশুক প্ৰতিটো বিদ্যালয় খোলা থকা দিনত সোৱাদযুক্ত, পুষ্টিকৰ, সতেজভাৱে তৈয়াৰী স্বাস্থ্য সন্মত মধ্যাহ্ন ভোজন যোগান ধৰে। আজি ২২ ফেব্ৰুৱাৰী তাৰিখে কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী,৬০ জনীয়া ছাত্ৰ -ছাত্ৰী ৰ সহিতে অক্ষয়পাত্ৰ পৰিদৰ্শন কৰে। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যৰ তত্বাৱধানত অক্ষয়পাত্ৰ ফাউণ্ডেছনৰ জৰিয়তে মধ্যাহ্ন ভোজন প্ৰস্তুত প্ৰণালী, ভোজন গ্ৰহণ কৰাৰ সময়ত নিয়ম-নীতি সুন্দৰ ভাৱে ফাউণ্ডেছনৰ বিষয় ববীয়াই বুজাই দিয়ে। লগতে হৰেকৃষ্ণ মন্দিৰ দৰ্শন কৰি কিছু আধ্যাত্মিক জ্ঞান দিয়ে। সহকাৰী শিক্ষক শিক্ষয়িত্ৰী বিজয়া দাস ভড়ালী, জিতুমণি বৈশ্য,মলয়া দাস,ডলী ডেকা সহযোগী তত্বাৱধানৰ দায়িত্বত থাকে।