অকাদেমি বঁটা প্ৰাপক তিনিওগৰাকী সাহিত্যিকক অজাপৰ অভিনন্দন
ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য অকাদেমি বঁটা লাভ কৰা অসমৰ তিনিওগৰাকী সাহিত্যিক অঞ্জন শৰ্মা, বাসুদেব দাস আৰু উত্তৰা বিছুমুথিয়াৰীক শুভেচ্ছা জনাইছে অসম জাতীয় পৰিষদে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে, বিশিষ্ট সাহিত্যিক তথা অনুবাদক অঞ্জন শৰ্মাই সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰা খবৰে দলক আহ্লাদিত কৰিছে। গগৈ আৰু ভূঞাই কয় যে শৰ্মাৰ ‘প্ৰাচীন কামৰূপৰ ইতিহাস’ গ্ৰন্থখন অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য সম্পদ। নিজৰ বুৰঞ্জী আৰু শিপাৰ সন্ধান কৰিবলৈ এই গ্ৰন্থখনে আমাক বাট দেখুৱায়। ‘প্ৰাচীন কামৰূপৰ ইতিহাস’ৰ উপৰি আন ভালেমান লেখত ল’বলগীয়া গ্ৰন্থৰ অনুবাদ তথা মৌলিক গ্ৰন্থ প্ৰণয়নেৰে তেখেতে নীৰৱে আৰু নিৰলসভাৱে অসমীয়া ভাষা-সাহিত্যৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি আহিছে। আনহাতে, বাংলা আৰু বড়ো ভাষাত ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰা অসমৰ বাসুদেব দাস আৰু উত্তৰা বিছুমুথিয়াৰীলৈ শুভেচ্ছা আৰু অভিনন্দন জনাই গগৈ আৰু ভূঞাই কয় যে অনুবাদৰ ক্ষেত্ৰখনত তেখেতসকলৰ শ্ৰম আৰু অধ্যাৱসায়ৰ প্ৰতি অকাদেমিৰ এই স্বীকৃতিয়ে অসমবাসীক গৌৰৱান্বিত কৰিছে ৷ আগত দিনত তেখেতসকল নিজৰ সৃষ্টিকৰ্মৰে ৰাজ্যৰ সাহিত্য জগতক মহীয়ান কৰাৰ লগতে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি গগৈ আৰু ভূঞাই আশা প্ৰকাশ কৰে।