অকলশৰীয়া হ’ল কণ্ঠশিল্পী কমলিকা
ৰঙিলী বাৰ্ত্তাসেৱা- পিতৃহাৰা হ’ল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ ।সুকণ্ঠী গায়িকা প্ৰয়াত ভিতালী দাসৰ স্বামী তথা উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ তবলাবাদক ভূপেন দাসে শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।মহানগৰীৰ গাড়ীগাঁওস্থিত বাসভৱনত ভূপেন দাস (৫৫)ৰ অকাল বিয়োগ ঘটে। আত্মীয়ই জানিবলৈ দিয়া অনুসৰি মধুমেহ ৰোগত আক্রান্ত ভূপেন দাসে শেহতীয়াকৈ বৃক্কজনিত অসুস্থতাত ভুগিছিল। ইতিমধ্যে প্রায় ৬বাৰ ডায়েলাইছিছ কৰা হৈছিল তেওঁৰ। বৃহস্পতিবাৰেও উত্তৰ গুৱাহাটীস্থিত জিএনআৰচিত ভূপেন দাসৰ ডায়েলাইছিছ কৰা হয়। শুক্ৰবাৰে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত চোতালতে তেওঁ ৰ’দ পুঁৱাই আছিল। তাৰ মাজতে ঘৰত কাম কৰা লোকৰ হতুৱাই মাছো কিনিছিল আৰু বিলাহীৰে ৰন্ধা আঞ্জা খোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল তেওঁ। কিন্তু তেনেতে বাথৰুমলৈ যাব বিচাৰে। তেতিয়াই শাৰীৰিক অসুস্থতা অনুভৱ কৰাত ওচৰতে থকা লোকসকলে তেওঁক ধৰি শুৱাই দিয়ে। ইতিমধ্যে চিকিৎসককো খবৰ দিয়া হয়। সেই অনুসৰি চিকিৎসকে কিছুসময় পিছতেই উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰে যদিও ভূপেন দাসৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে। অৱশেষত দিনৰ প্ৰায় ১২.৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে বুলি আত্মীয়ই জানিবলৈ দিয়ে। উল্লেখ্য যে জীৱিতকালত বহু জনপ্রিয় গীতত কণ্ঠ নিগৰাই শ্রোতা-দর্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা পত্নী ভিতালী দাসৰ দৰে সাংস্কৃতিক জগতখনত এজন প্রখ্যাত তবলাবাদক হিচাপে প্রতিষ্ঠিত আছিল ভূপেন দাস। পত্নীৰ বিয়োগৰ পাছত সংগীতৰ জগতখনত খোজ পেলোৱা কন্যা কমলিকাৰ কাষত তেওঁ ছাঁৰ দৰে আছিল। তেওঁৰ বিয়োগৰ খবৰ লাভ কৰাৰ পাছতে গাড়ীগাঁওস্থিত বাসভৱনত উপস্থিত হয় বহু গুণমুগ্ধ। বিয়লিৰ ভাগত মহানগৰীৰ ভূতনাথ শ্মশানত ভূপেন দাসৰ শেষকৃত্য সম্পন্ন কৰা হয়। মুখাগ্নি কৰে একমাত্র কন্যা কমলিকাই।উল্লেখ্য যে ২০২১ চনত মৃত্যু হৈছিল কমলিকাৰ মাতৃ সুকণ্ঠী গায়িকা ভিতালী দাসৰ । ক’ভিডত আক্রান্ত হৈ ভিতালী দাসৰ মৃত্যু ঘটিছিল । মাতৃৰ মৃত্যুৰ ৪ বছৰৰ পাছত আজি পিতৃকো হেৰুৱালে কমলিকাই ।